Dusoku

歌手: Lakhinandan Lahon Tavreed • 专辑:Dusoku • 发布时间:2022-05-12
作词 : Sameer Shekhar
作曲 : Lakhinandan Lahon
দুচকু তুলি চুৱানা উভতি
কি মৰম ভালপোৱা,
দুবাহু মেলি লোৱানা সাৱটি
যি হেঁপাহ আধৰুৱা।

প্ৰতিদিন প্ৰতিক্ষণ তোমাৰেই
ছায়া হৈ ৰব খোজো
প্ৰতিবাৰ উশাহত তোমাকেই
আজীৱন পাব খোজো।

দুচকু তুলি চোৱানা উভতি
কি মৰম ভালপোৱা,
দুবাহু মেলি লোৱানা সাবতি
যি হেঁপাহ আধৰুৱা।

ৰৈ আছো চোৱা
উজাৰি হিয়া
চিনাকি বাটে
তুমি যোৱা

আদৰি লোৱা
সামৰি থোৱা
মোৰে পৰিচয়
তুমি হোৱা।

বাচি থলোঁ হৃদয়তে
তুমি একো নজনাকে
মানি ললোঁ একেবাৰে
তুমিয়েই মোৰ সকলোতে।

নেজানো তোমাতে কি আছে
আজিও কলিজা কঁপে
নুবুজো তোমাতে কি আছে
অভিমান বুকুতে গলে।

দুচকু তুলি চোৱানা উভতি
কি মৰম ভালপোৱা,
দুবাহু মেলি লোৱানা সাৱটি
যি হেঁপাহ আধৰুৱা।
📥 下载LRC歌词 📄 下载TXT歌词

支持卡拉OK同步显示,可用记事本编辑